সীমা বিবাদ নিৰ্মূলৰ বাবে ২৫ এপ্ৰিলত আলোচনাত বহিব অসম-মিজোৰামৰ কৰ্তৃপক্ষ

অসম আৰু মিজোৰামৰ বিষয়াসকলে দীৰ্ঘদিনীয়া সীমা বিবাদ সমাধানৰ লক্ষ্যৰে ২৫ এপ্ৰিলত গুৱাহাটীত এক বৈঠকত মিলিত হ’ব । চৰকাৰী পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই আলোচনাৰ ক্ষেত্ৰত অসমে মাৰ্চ মাহতে বৈঠক অনুষ্ঠিত কৰিব খুজিছিল যদিও মিজোৰাম মান্তি নোহোৱাত ইতিমধ্যেই পলম হৈছে ।

সীমা বিবাদ নিৰ্মূলৰ বাবে ২৫ এপ্ৰিলত আলোচনাত বহিব অসম-মিজোৰামৰ কৰ্তৃপক্ষ

অসম-মিজোৰাম সীমা সমস্যা

Published: 

08 Apr 2025 15:58 PM

চুবুৰীয়া কেবাখনো ৰাজ্যৰ সৈতে সীমা বিবাদ অব্যাহত আছে অসমৰ । কোনো কোনো স্থানত বিবাদ মীমাংসাৰ দিশে আগবাঢ়িছে যদিও বহুকেইটা অঞ্চল এতিয়াও বিবদমান হৈ আছে । প্ৰধানতঃ অসমৰ সীমা বিবাদ চলি আছে অৰুণাচল, নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ৰ সৈতে । শেহতীয়াকৈ অসম বিধানসভাৰ বাজেট অধিবেশনৰ সময়ত সীমান্ত সুৰক্ষা আৰু উন্নয়ন দপ্তৰৰ মন্ত্ৰী অতুল বৰাই সদনত দাখিল কৰা তথ্য অনুসৰি ৰাজ্যৰ ১৮ খন জিলাৰ ৮২,৭৫১.৮৬ হেক্টৰ মাটি বেদখল কৰি আছে চুবুৰীয়া চাৰিখন ৰাজ্যই । মিজোৰামৰ সৈতে সংঘটিত ভয়ংকৰ সীমা বিবাদৰ কথা এতিয়াও হয়তো পাহৰা নাই অসমৰ ৰাইজে । এইবাৰ সীমা সমস্যা সমাধানৰ বাবে বৈঠকত মিলিত হ’বলৈ ওলাইছে দুই ৰাজ্যৰ বিষয়-ববীয়া ।

মিজোৰামৰ গৃহমন্ত্ৰী কে সপদাংগাই জনোৱা মতে, অসম আৰু মিজোৰামৰ বিষয়াসকলে দীৰ্ঘদিনীয়া সীমা বিবাদ সমাধানৰ লক্ষ্যৰে ২৫ এপ্ৰিলত গুৱাহাটীত এক বৈঠকত মিলিত হ’ব । চৰকাৰী পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই আলোচনাৰ ক্ষেত্ৰত ইতিমধ্যেই কেইবামাহো পলম হৈছে । অসমে প্ৰথমে মাৰ্চ মাহত বৈঠকৰ প্ৰস্তাৱ দিছিল যদিও ৰাজ্যিক বিধানসভাৰ অধিৱেশন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ বাবে মিজোৰামে সেই সময়ত বৈঠকৰ বাবে অস্বীকাৰ কৰে । বৰ্তমান মিজোৰামে নিজৰ প্ৰতিনিধি দল চূড়ান্ত কৰিছে, যাৰ নেতৃত্ব দিয়াৰ সম্ভাৱনা আছে গৃহ সচিব ভানলালমাৱিয়াই ।

ঔপনিৱেশিক যুগৰ সীমা নিৰ্ধাৰণৰ বিৰোধী ব্যাখ্যাত বিবাদৰ মূল বিষয় নিহিত হৈ আছে মিজোৰামৰ সমৰ্থিত ১৮৭৫ চনৰ বংগ পূব সীমান্ত নিয়ন্ত্ৰণ আৰু অসমে স্বীকৃতি দিয়া ১৯৩৩ চনৰ ভাৰত জৰীপ মানচিত্ৰত । স্পষ্ট ভূমি সীমা নিৰ্ধাৰণৰ অভাৱত ৰাজ্য দুখনে ১৬৪.৬ কিলোমিটাৰ সীমান্তত থকা অঞ্চল নিজৰ বুলি দাবী কৰে, যিয়ে দুয়ো ৰাজ্যৰ তিনিখনকৈ জিলাক সামৰি লৈছে ।

সময়ে সময়ে উত্তেজনা বৃদ্ধি পাই সীমান্তত । বিশেষকৈ ২০২১ চনৰ জুলাই মাহত মিজোৰামৰ ভাইৰেংটে গাঁৱৰ ওচৰত সংঘটিত হোৱা হিংসাত্মক সংঘৰ্ষত সাতজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবা ডজন লোক আহত হৈছিল । তাৰ পিছৰে পৰা ৰাজ্য দুয়োখনে চাৰিটা ৰাউণ্ডৰ মন্ত্ৰী পৰ্যায়ৰ আলোচনা আৰু কেইবাটাও নিম্নস্তৰৰ আলোচনা অনুষ্ঠিত কৰিছে । শেষৰখন উচ্চ পৰ্যায়ৰ বৈঠক ২০২৩ চনৰ আগষ্ট মাহত আইজলত অনুষ্ঠিত হৈছিল, য’ত দুয়োপক্ষই শান্তি বজাই ৰখা আৰু আলোচনা অব্যাহত ৰখাৰ বাবে সন্মতি প্ৰকাশ কৰিছিল । চলিত মাহৰ চৰকাৰী পৰ্যায়ৰ আলোচনাৰ ফলাফলৰ ভিত্তিত মন্ত্ৰী পৰ্যায়ত আলোচনাৰ দিন ধাৰ্য কৰা হ’ব ।

অসমৰ কিমান ভূমি বেদখলৰ কবলত আছে?
বিধানসভাত মন্ত্ৰী অতুল বৰাই দাখিল কৰা তথ্য অনুসৰি, অসমৰ সৰ্বাধিক মাটি দখল কৰি আছে নাগালেণ্ডে । নাগালেণ্ডৰ দখলত আছে অসমৰ ৫৯,৪৯০.২১ হেক্টৰ ভূমি । একেদৰে ৩,৪৪১.৮৬ হেক্টৰ অসমৰ ভূমি বেদখল কৰিছে মেঘালয়ে । ইফালে, অৰুণাচল প্ৰদেশে ১৬,১৪৪.০১ হেক্টৰ অসমৰ মাটি বেদখল কৰাৰ বিপৰীতে ৩,৬৭৫.৭৮ হেক্টৰ মাটি মিজোৰামৰ দখলত আছে বুলি জানিবলৈ দিছিল মন্ত্ৰী অতুল বৰাই ।

কি কি কাৰণত বেয়া কলেষ্টেৰল বৃদ্ধি পাব পাৰে ? কেনেকৈ কৰিব নিয়ন্ত্ৰণ ?
শনি দেৱৰ কোপদৃষ্টি আঁতৰিব, প্ৰতি শনিবাৰে কৰক এইকেইটা কাম!
শীতকালত চুলি বেছিকৈ সৰে নেকি? এই পদ্ধতিৰে দূৰ কৰক চুলিৰ সকলো সমস্যা!
মাহেকীয়া পলমকৈ হোৱা PCOS ৰ লক্ষণ নেকি? জানক বিশেষজ্ঞৰ পৰা
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...