গুৱাহাটী চিটি চেন্টাৰত বোমাতংক! খালী কৰি দিয়া হৈছে শ্বপিং মলখন

গুৱাহাটী চিটি চেন্টাৰত আতংক। বোমা থকাৰ সন্দেহত খালী কৰি দিয়া হৈছে শ্বপিং মলখন। ইয়াৰ লগে লগে শ্বপিং মলখনত থকা গ্ৰাহকসকলক বাহিৰলৈ অহাৰ নিৰ্দেশ দিয়া হৈছে।

গুৱাহাটী চিটি চেন্টাৰত বোমাতংক! খালী কৰি দিয়া হৈছে শ্বপিং মলখন

চিটি চেন্টাৰ

Updated On: 

19 Aug 2024 17:55 PM

গুৱাহাটীৰ চিটি চেন্টাৰত হাহাকাৰ। বোমাতংক পৰিস্থিতিৰ বাবে হৈ চৈ পৰিস্থিতিৰ সৃষ্টি হয় গুৱাহাটী জি এছ ৰোডস্থিত চিটি চেন্টাৰত। তথ্য লাভ কৰাৰ লগে লগে খালী কৰি দিয়া হৈছে ৮ মহলীয়া চিটি চেন্টাৰ। বন্ধ কৰি দিয়া হৈছে চিটি চেন্টাৰত থকা ছবিগৃহ, দোকান- পোহাৰ আদি সকলো।  মাইকযোগে ঘোষণা কৰি গ্ৰাহকক বাহিৰলৈ ওলাই অহাৰ নিৰ্দেশ দিছে চিটি চেন্টাৰ  কৰ্তৃপক্ষই। ইয়াৰ লগতে গেটৰ সন্মুখত জাননী আঁৰি দিছে যে দুঘন্টাৰ বাবে বন্ধ থাকিব চিটি চেন্টাৰ।

তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লগতে জৰুৰীকালীন সেৱাৰ লোক। শ্বপিং মলখনত আঁৰি দিয়া হৈছে সতৰ্কতামূলত জাননী। চিটি চেন্টাৰত উপস্থিত থকা সকলো গ্ৰাহক, কৰ্মচাৰী ইতিমধ্যে বাহিৰলৈ ওলাই আহিছে। কিন্তু কিহৰ বাবে এই হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় এতিয়ালৈকে সঠিকভাৱে জানিব পৰা হোৱা নাই।

জানিব পৰা মতে, শ্বপিং মলখনত বোমা থকা বুলি বাতৰি বিয়পি পৰাৰ লগে লগে গ্ৰাহক- কৰ্মচাৰীসকলৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। অট্টালিকাৰ চাৰিওফালে ৰাজইৰ মাজত হুৱা-দুৱা লাগে।  চিটি চেন্টাৰ কৰ্তৃপক্ষই কাৰিকৰী বিজুতিৰ বাবে শ্বপিং মলখন বন্ধ ৰখা হ’ব বুলি জাননী আঁৰি দিছে যদিও গ্ৰাহকসকলে এই কথা মানি ল’ব খোজা নাই। তেওঁলোকে কৈছে যে, আগতে কেতিয়াও শ্বপিং মলখনে এনেধৰণৰ জাননী জৰুৰীকালীনভাৱে নিদিয়ে। গতিকে এয়া কাৰিকৰী বিজুতি নহয়।

ইতিমধ্যে বোমা বিশেষজ্ঞ দল, স্নিফাৰ ড’গ, অৰ্ধ সামৰিক বাহিনী, অগ্নি নিৰ্বাপক বাহিনী আদিয়ে শ্বপিং মলখনত প্ৰৱেশ কৰি সকলো দিশ তন্ন তন্নকৈ পৰীক্ষা কৰি আছে।  বিভিন্নজনে শ্বপিং মলখনত বিস্ফোৰক সামগ্ৰী থকাৰ অভিযোগ উত্থাপন কৰিছে। কিন্তু এতিয়ালৈকে সত্যসত্য জানিব পৰা হোৱা নাই।  এই ঘটনাৰ ফলত সমগ্ৰ জি এছ ৰোডত তীব্ৰ যান- যঁটৰ সৃষ্টি হোৱা দেখা গৈছে।

উল্লেখ কৰাৰ প্ৰয়োজন যে, প্ৰতিদিনে চিটি চেন্টাৰত  শ শ লোকৰ আগমন হয়। তেনে ক্ষেত্ৰত আজিও বহু লোক সামগ্ৰী ক্ৰয় কৰিবলৈ বা বিভিন্ন কাৰণত শ্বপিং মলখনত উপস্থিত আছিল। কিন্তু তাৰ মাজতে বোমা থকাৰ বিয়পি পৰাৰ লগে লগে সকলোৰে মনত ভয়ৰ সৃষ্টি হয়। অৱশ্যে কি কাৰণে এই সমগ্ৰ ঘটনা সংঘটিত হৈছে সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে জানিব পৰা যাব। মন  কৰিবলগীয়া যে, ১৫ আগষ্টৰ দিনা অসমৰ কেইবা ঠাইত আলফা (স্বা)য়ে বোমা সংস্থাপন কৰিছিল। তেনে ক্ষেত্ৰত চিটি চেন্টাৰত বোমাতংকৰ এই খবৰে মানুহৰ মাজত ভয়ৰ সৃষ্টি কৰিছে।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...