Guwahati Election Results 2024: বিজুলিৰ চমক! গুৱাহাটীত জয়লাভ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী বিজুলি কলিতা মেধিৰ, জানক প্ৰাৰ্থী গৰাকীৰ বিষয়ে

এসময়ত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কাম কৰা বিজুলি কলিতা মেধিৰ ৰাজনৈতিক যাত্ৰা।

Guwahati Election Results 2024: বিজুলিৰ চমক! গুৱাহাটীত জয়লাভ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী বিজুলি কলিতা মেধিৰ, জানক প্ৰাৰ্থী গৰাকীৰ বিষয়ে

বিজুলিৰ চমক!

Published: 

04 Jun 2024 16:03 PM

আজি পুৱা  ৮বজাৰ পৰা ভোট গণনা আৰম্ভ। দেশত ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ সাতটা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। অসমৰ ১৪৩ গৰাকী প্ৰার্থীৰ হ’ব ভাগ্য নিৰ্ণয়। ৰাজ্যৰ ১৪ টা সমষ্টিত ১৪৩ গৰাকী প্ৰার্থীয়ে লোকসভা নিৰ্বাচনত আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা।

এই নিৰ্বাচনত গুৱাহাটীত ২ লাখৰো অধিক ভোটত অগ্ৰগতি লাভ কৰিছে বিজেপিৰ বিজুলী কলিতা মেধিয়ে। বিজুলী কলিতা মেধীয়ে এইপৰ্যন্ত লাভ কৰিছে ৬,০৪,৬০১টা ভোট। কংগ্ৰেছৰ মীৰা বৰঠাকুৰে পাইছে এইপৰ্যন্ত ৪,০৩,৮৯৮টা ভোট। প্ৰায় নিশ্চিত হৈছে বিজেপি প্ৰাৰ্থীগৰাকী জয়ী হোৱাটো।

আপোনালোকে জানেনে আচলতে কোন হয় বিজুলি কলিতা মেধী?

নিম্ন মধ্যবিত্ত পৰিয়ালৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি। বিজুলী কলিতা মেধিৰ পিতৃও আছিল বিজেপি কৰ্মী। ১৯৯৮চনত BJPৰ সাধাৰণ কৰ্মকৰ্তা হিচাপে যোগদান কৰিছিল বিজুলী কলিতা মেধিয়েই। ২০১৩ চনত গুৱাহাটীৰ তেতিয়া ২৩নং ৱাৰ্ডৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ কাউঞ্চিলৰ হিচাপে নিৰ্বাচিত হৈছিল। ২০১৪ চনত ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত। পুনৰ ২০১৬ চনত ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছিল বিজুলী কলিতা মেধি। ২০১৬ চনত ডেপুটী মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বিজুলী কলিতা মেধিয়েই। এসময়ত এখন ব্যক্তিগত খণ্ডৰ ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল বিজুলী কলিতা মেধি।

শাওনৰ শিৱৰাত্ৰিত বিৰল সংযোগ! ৩ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন...
তেজত কলেষ্টেৰল বৃদ্ধি হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...
শাওন মাহত পৰিধান কৰক এইসমূহ বস্ত্ৰ, লাভ কৰিব শিৱৰ কৃপা!
Labubu Doll ঘৰত ৰখাটো শুভ নে অশুভ?