শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

৫.৯ শতাংশলৈ হ্ৰাস চাহৰ উৎপাদন, অসমত উৎপাদন কিমান ?

২০২৪ চনৰ তুলনাত ২০২৫ চনৰ ছেপ্টেম্বৰ ভিতৰত দেশত ৫.৯ শতাংশলৈ হ্ৰাস পাইছে চাহৰ উৎপাদন। কিন্তু অসমত উৎপাদন বাকী ৰাজ্যৰ তুলনাত সুস্থিৰ অৱস্থাত আছে বুলি ক'ব পাৰি।

৫.৯ শতাংশলৈ হ্ৰাস চাহৰ উৎপাদন, অসমত উৎপাদন কিমান ?
Image Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 02 Nov 2025 15:38 PM

অসমত চাহৰ উৎপাদন প্ৰায় সুস্থিৰ হৈ আছে যদিও দেশত সামগ্ৰিকভাৱে চাহৰ উৎপাদন হ্ৰাস পাইছে। ২০২৪ চনৰ তুলনাত ২০২৫ চনৰ ছেপ্টেম্বৰ ভিতৰত দেশত ৫.৯ শতাংশলৈ হ্ৰাস পাইছে চাহৰ উৎপাদন। পিটিআইৰ প্ৰতিবেদন অনুসৰি, ২০২৫ চনৰ ছেপ্টেম্বৰৰ ভিতৰত চাহৰ উৎপাদন ৫.৯ শতাংশ হ্ৰাস পাই ১৫৯.৯২ মিলিয়ন কিলোগ্ৰাম হৈছে, যিটো বিগত বছৰৰ একে সময়ছোৱাত ১৬৯.৯৩ মিলিয়ন কিলোগ্ৰাম আছিল।

চাহ ব’ৰ্ডৰ তথ্য অনুসৰি,২০২৪ চনৰ একে সময়ছোৱাত উৎপাদন ৯৪.০৩ মিলিয়ন কিলোগ্ৰামৰ তুলনাত ২০২৫ চনৰ ছেপ্টেম্বৰৰ ভিতৰত অসমত চাহৰ উৎপাদন ৯৪.৭৬ মিলিয়ন কিলোগ্ৰাম। যিটো এক প্ৰকাৰে প্ৰায় সুস্থিৰ বুলি ক’ব পাৰি।

ইফালে, চাহৰ উৎপাদন হ্ৰাস পাইছে পশ্চিম বংগত। ৰাজ্যখনত ২০২৪ চনৰ একে সময়ত চাহৰ উৎপাদন ৪৮.৩৫ মিলিয়ন কিলোগ্ৰাম হোৱাৰ বিপৰীতে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত উৎপাদন ৪০.০৩ মিলিয়ন কিলোগ্ৰামলৈ হ্ৰাস পাইছে।

অসম আৰু পশ্চিম বংগ ৰাজ্যকে ধৰি উত্তৰ ভাৰতত চাহৰ উৎপাদন ২০২৪ চনৰ একে মাহতে ১৪৬.৯৬ মিলিয়ন কিলোগ্ৰাম হোৱাৰ বিপৰীতে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত ১৩৮.৬৫ মিলিয়ন কিলোগ্ৰামলৈ হ্ৰাস পাইছে।

তথ্য অনুসৰি দক্ষিণ ভাৰতত ২০২৪ চনৰ একে মাহত চাহৰ উৎপাদন ২২.৯৭ মিলিয়ন কিলোগ্ৰামৰ তুলনাত ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত ২১.২৭ মিলিয়ন কিলোগ্ৰামলৈ হ্ৰাস পাইছে চাহৰ উৎপাদন।