“বিজেপিৰ প্ৰতি থকা ভয়ৰ বাবে সংখ্যালঘুৰ ভোট লাভ কৰে কংগ্ৰেছে”, ডাঙৰ দাবী মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীগৰাকীয়ে সংখ্যালঘু এলেকাত কংগ্ৰেছে ভোট লাভ কৰাৰ এটা ডাঙৰ কাৰণ পোহৰলৈ আনিছে । তেওঁ এক প্ৰকাৰে দাবী কৰিছে যে, এটা ভয় সংখ্যালঘু এলেকাৰ ভোটাৰৰ মাজত বিয়পি থকাৰ বাবে আজি কংগ্ৰেছে তেওঁলোকৰ ভোট লাভ কৰিছে ।

বিজেপিৰ প্ৰতি থকা ভয়ৰ বাবে সংখ্যালঘুৰ ভোট লাভ কৰে কংগ্ৰেছে, ডাঙৰ দাবী মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Published: 

13 May 2025 19:26 PM

পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত ঐতিহাসিক জয় লাভ কৰিবলৈ সক্ষম হৈছে বিজেপি নেতৃত্বাধীন এনডিএয়ে । এই ফলাফলৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে সংখ্যালঘু এলেকাত কংগ্ৰেছে ভোট লাভ কৰাৰ এটা ডাঙৰ কাৰণ পোহৰলৈ আনিছে । তেওঁ এক প্ৰকাৰে দাবী কৰিছে যে, এটা ভয় সংখ্যালঘু এলেকাৰ ভোটাৰৰ মাজত বিয়পি থকাৰ বাবে আজি কংগ্ৰেছে তেওঁলোকৰ ভোট লাভ কৰিছে ।

তেওঁ দাবী কৰে যে, “কংগ্ৰেছে সংখ্যালঘু সম্প্ৰদায়ৰ পৰা বিশেষকৈ মুছলমানৰ পৰা ভোট লাভ কৰি আহিছে । কিয়নো এই অঞ্চলৰ ভোটাৰ সকলৰ মাজত এটা ভয় আছে যে, যদিহে বিজেপি দলে নিৰ্বাচনত জয়ী হয়, তেন্তে তেওঁলোকক আক্ৰমণ কৰি তেওঁলোকৰ ধৰ্মীয় স্থান ধ্বংস কৰিব পাৰে ।” এইধৰণৰ আশংকাৰ বাবে আজি কংগ্ৰেছে সেই অঞ্চলৰ সংখ্যালঘুৰ ভোট লাভ কৰি আহিছে বুলি দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই অভিযোগ কৰে যে,  এইসকল ভোটাৰ লোকৰ মাজত কেৱল বিজেপিক লৈ থকা ভয়ৰ বাবে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুত বৰদলৈ আৰু ৰকিবুল হুছেইনে সংখ্যালঘুৰ ভোট লাভ কৰিছে ।

” কংগ্ৰেছৰ নেতাসকলে তেওঁলোকৰ জনপ্ৰিয়তাৰ বাবে ভোট নাপায়, কিন্তু সংখ্যালঘু সম্প্ৰদায়ৰ মাজত থকা ভয়ৰ বাবেহে ভোট লাভ কৰে । তেওঁলোকৰ মনত ভয় আছে যে, বিজেপিয়ে জয়ী হ’লে তেওঁলোকক আক্ৰমণ কৰিব পাৰে আৰু তেওঁলোকৰ ধৰ্মীয় অনুষ্ঠান ধ্বংস কৰিব পাৰে। গতিকে, তেওঁলোকে কংগ্ৰেছক ভোট দিয়ে।” এইদৰে মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইফালে, তেওঁ দাবী কৰে যে, অসমৰ পঞ্চায়ত নিৰ্বাচন ২০২৫ৰ ফলাফলে স্পষ্ট কৰি দিয়ে যে, এন ডি এয়ে হিন্দু সমাজৰ পৰা ব্যাপক সমৰ্থন লাভ কৰিছে। কিন্তু এইবাৰ মুছলমান সম্প্ৰদায়ৰ সমৰ্থনো লাভ কৰিবলৈ সক্ষম হৈছে এনডিএ প্ৰাৰ্থীয়ে । বিশেষকৈ প্ৰায় ৩০ শতাংশ মুছলমান মহিলাৰ ভোট এন ডি এৰ সপক্ষে গৈছিল বুলি দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

INPUT-PTI

Related Stories
অসমৰ প্ৰগতিৰ হকে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিবঃ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছতে মোদীয়ে দিলে প্ৰতিশ্ৰুতি
“এই জয়ে প্ৰধানমন্ত্ৰী মোদীৰ জনকেন্দ্ৰিক নীতিৰ সমৰ্থনক প্ৰতিফলিত কৰিছে”, ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত NDA ৰ ফলাফলকলৈ কি ক’লে অমিত শ্বাহে ?
ত্ৰিকোন প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰাণ গ’ল মৃগাংকৰ, গ্ৰেপ্তাৰ ৰাজু আলী…
পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
“এয়া উন্নয়ন আৰু বিশ্বাসৰ জয়”, পঞ্চায়ত নিৰ্বাচনৰ ফলাফলকলৈ কি ক’লে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ?
পঞ্চায়তৰ ফলাফলে বৃদ্ধি কৰিছে NDA ৰ আত্মবিশ্বাস ! ২৬ ৰ বিধানসভা নিৰ্বাচনত ১০৪ খন আসন লাভ কৰাৰ আশা মুখ্যমন্ত্ৰীৰ
হঠাতে ৰক্তচাপ কিয় বৃদ্ধি হয় ? কেনেকৈ নিয়ন্ত্ৰণ কৰিব ? জানক
কোহলীৰ অৱসৰৰ দুখ! প্ৰেমানন্দ মহাৰাজৰ ওচৰত এনে অনুৰোধ জনালে অনুৰাগীয়ে…
মঙলবাৰৰ দিনটোত হনুমানক প্ৰসন্ন কৰাৰ ৫ টা আটাইতকৈ সহজ উপায়
অনিয়মিত মাহেকীয়াৰ সমস্যা কেনেকৈ দূৰ কৰিব!