5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মহিলাৰ সুৰক্ষাৰ স্বাৰ্থত শূন্য সহনশীলতাৰ নীতি, তৎকালীন ব্যৱস্থা গ্ৰহণ কৰি আদৰ্শ দাঙি ধৰিছে আৰক্ষীয়ে : মুখ্যমন্ত্ৰী শৰ্মা

অসম আৰক্ষীয়ে মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা ঘটনা গোচৰত তৎকালীন ব্যৱস্থা গ্ৰহণ কৰি “এটা আদৰ্শ দাঙি ধৰিছে” বুলি দাবী কৰে মুখ্যমন্ত্ৰী শৰ্মাই । সংবাদমাধ্যমৰ সৈতে হোৱা কথা-বতৰাত দাবী কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়,‘অসমত যেতিয়া কোনো কাণ্ড (ধৰ্ষণৰ দৰে) সংঘটিত হয়, তেতিয়া আৰক্ষীয়ে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰে। এই ক্ষেত্ৰত কোনো আপোচ কৰা নহয়। মহিলাৰ বিৰুদ্ধে অপৰাধৰ বিষয়ত আমাৰ শূন্য সহনশীলতা নীতি আছে।’

মহিলাৰ সুৰক্ষাৰ স্বাৰ্থত শূন্য সহনশীলতাৰ নীতি, তৎকালীন ব্যৱস্থা গ্ৰহণ কৰি আদৰ্শ দাঙি ধৰিছে আৰক্ষীয়ে : মুখ্যমন্ত্ৰী শৰ্মা
Follow Us
manas-borah
Manas Borah | Updated On: 24 Aug 2024 21:09 PM

মহিলাৰ সুৰক্ষাৰ স্বাৰ্থত শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰাৰ কথা পুনৰবাৰ উল্লেখ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই শনিবাৰে স্পষ্টভাৱে কয়, অসম চৰকাৰে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰি আহিছে আৰু এনে গোচৰত দোষীৰ বিৰুদ্ধে “কঠোৰ ব্যৱস্থা” গ্ৰহণ কৰা হয়।

ইয়াৰ লগতে অসম আৰক্ষীয়ে মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা ঘটনা গোচৰত তৎকালীন ব্যৱস্থা গ্ৰহণ কৰি “এটা আদৰ্শ দাঙি ধৰিছে” বুলিও দাবী কৰে মুখ্যমন্ত্ৰী শৰ্মাই । সংবাদমাধ্যমৰ সৈতে হোৱা কথা-বতৰাত দাবী কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়,‘অসমত যেতিয়া কোনো কাণ্ড (ধৰ্ষণৰ দৰে) সংঘটিত হয়, তেতিয়া আৰক্ষীয়ে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰে। এই ক্ষেত্ৰত কোনো আপোচ কৰা নহয়। মহিলাৰ বিৰুদ্ধে অপৰাধৰ বিষয়ত আমাৰ শূন্য সহনশীলতা নীতি আছে।’

ধিং কাণ্ডৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘ধিং কাণ্ড দুদিন পূৰ্বে সংঘটিত হৈছিল। এই কাণ্ড সংঘটিত কৰা অভিযুক্তক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে । অসম আৰক্ষীয়ে তদন্তৰ বাবে ঘটনাস্থলী লৈ গৈছিল অভিযুক্তক । সেই সময়তে অভিযুক্তই পানীত জপিয়াই পলাবলৈ চেষ্টা কৰে আৰু ইয়াৰ পাছতে সলিল সমাধি ঘটে অভিযুক্তৰ ।”

ইফালে,তেজপুৰত আন এগৰাকী অভিযুক্ত পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ গুলীত আহত হোৱা আন এটা ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “তেওঁ পলাবলৈ চেষ্টা কৰিছিল আৰু আৰক্ষীক আক্ৰমণৰ চেষ্টা কৰে । ইয়াৰ পাছতে আৰক্ষীৰ গুলীত আহত সেই অভিযুক্তজন ।” ইফালে, মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে, লোকসভা নিৰ্বাচনৰ পাছত ধৰ্ষণ আৰু ধৰ্ষণৰ চেষ্টাৰ কৰাৰ গোচৰ বৃদ্ধি পাইছে। কিন্তু এতিয়া কমিছে আৰু আৰু কমি যাব বুলিও কয় মুখ্যমন্ত্ৰী শৰ্মাই ।

নাৰী বিৰুদ্ধে সংঘটিত অপৰাধৰ সৈতে মোকাবিলাৰ ক্ষেত্ৰত স্থিতি স্পষ্ট কৰি মুখ্য়মন্ত্ৰী শৰ্মাই কয়,‘আমি ব্যৱস্থা লৈছো আৰু আগবাঢ়ি যাম। উগ্ৰপন্থী বা সন্ত্ৰাসবাদী আক্ৰমণত ক্ষেত্ৰত পূৰ্বৰ তথ্য থাকিব পাৰে। কিন্তু ধৰ্ষণৰ দৰে গোচৰত কোনো চোৰাংচোৱাৰ তথ্য উপলব্ধ নহয়। যেতিয়া এনে কাণ্ড ঘটে, তেতিয়া আমি কঠোৰ ব্যৱস্থা ল’ব লাগে যাতে আনসকলেও এইধৰণৰ ঘটনা সংঘটিত কৰাৰ পূৰ্বে ভয় খায় ।’ এই দৰে ধিং আৰু তেজপুৰৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

Latest News