মিঞা ভাইৰ দুঃসাহসে অসমত কাম নকৰে ! উচ্ছেদো চলিব, অনুপ্ৰৱেশকাৰীক ওভতায়ো পঠিওৱা হ’ব : মুখ্যমন্ত্ৰী
শনিবাৰে নিশা পুনৰ ১৬ জনকৈ বাংলাদেশী নাগৰিকক আটক কৰি বিতাড়ন কৰাৰ কথাও জানিবলৈ দিছে মুখ্যমন্ত্ৰী শৰ্মাই। লগতে স্পষ্ট বাৰ্তা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
“মিঞা ভাইৰ দুঃসাহসে অসমত কাম নকৰে ! অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদো চলিব, প্ৰতিজন অনুপ্ৰৱেশকাৰীক আমাৰ ভূমিৰ পৰা ওভতায়ো পঠিওৱা হ’ব ৷ এয়াই আমাৰ অসম প্ৰেম, মাতৃভূমিৰ সেৱা…।” পুনৰ সামাজিক মাধ্যমৰ জৰিয়তে অবৈধ বাংলাদেশীক সকীয়াই দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে শনিবাৰে নিশা পুনৰ ১৬ জনকৈ বাংলাদেশী নাগৰিকক আটক কৰি বিতাড়ন কৰাৰ কথাও জানিবলৈ দিছে মুখ্যমন্ত্ৰী শৰ্মাই।
তেওঁ জানিবলৈ দিয়ে যে, শ্ৰীভূমিত জিলাৰ পৰা অবৈধভাৱে প্ৰৱেশ কৰা ১৬ জন বাংলাদেশী নাগৰিকক অসম আৰক্ষীয়ে আটক কৰি নিজৰ ভূমিলৈ পুনৰ ওভতাই পঠিয়ায় ৷ তেওঁ স্পষ্ট কৰি দিয়ে যে, অসমৰ ভূমিত তেনে কু-অভিপ্ৰায়েৰে সোমাব বিচৰাসকলে জনা উচিত যে, “এয়া নতুন অসম”৷
‘Miyabhai Ki Daring’ won’t work in Assam!
16 illegal migrants from Bangladesh entered Assam with nefarious intentions and faced the consequences.
We will find you, catch you and deport you. Kudos to @sribhumipolice. pic.twitter.com/T8kIhNq0hK
— Himanta Biswa Sarma (@himantabiswa) November 1, 2025
শ্ৰীভূমি জিলাৰ আৰক্ষীৰ প্ৰচেষ্টাক প্ৰশংসা কৰি তেওঁ কয় যে, এনে প্ৰতিজন অবৈধ অনুপ্ৰৱেশকাৰীক ধৰি অসমৰ পৰা বিতাড়িত কৰা হ’ব। উল্লেখ্য যে, অসমৰ শ্ৰীভূমি, কাছাৰ, ধুবুৰী, আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাই বাংলাদেশৰ সৈতে ২৬৭.৫ কিলোমিটাৰ আন্তৰ্জাতিক সীমান্ত ভাগ কৰে।
উত্তৰ-পূবৰ ভাৰত-বাংলাদেশ সীমান্তত মুঠ তিনিটা আইচিপি( Integrated Check Post) আছে আৰু শ্ৰীভূমিৰ সুতাৰকান্দিত এটা আই চি পি থকাৰ বিপৰীতে। বাকী দুটা মেঘালয়ৰ ডাউকী আৰু ত্ৰিপুৰাৰ আখৌৰাত আছে। ভাৰত-ভূটান সীমান্তৰ অসমৰ দৰঙাত অঞ্চলটোৰ আন এটা আইচিপি আছে।