প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হ’ব বাজেট অধিৱেশন, প্ৰস্তুতি পৰ্যালোচনা কৰিলে মুখ্য সচিবে

অহা ১৭ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বাহিৰত কোকৰাঝাৰত অনুষ্ঠিত হ’ব ৰাজ্যিক বাজেট অধিৱেশন । বুধবাৰে এই ঐতিহাসিক বাজেট অধিৱেশনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে ৰাজ্যৰ মুখ্য সচিব ৰবি কোটায় ।

প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হ’ব বাজেট অধিৱেশন, প্ৰস্তুতি পৰ্যালোচনা কৰিলে মুখ্য সচিবে

অসমৰ মুখ্য় সচিব

Published: 

12 Feb 2025 | 07:22 PM

প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ আগন্তুক বাজেট অধিৱেশন । অহা ১৭ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বাহিৰত কোকৰাঝাৰত অনুষ্ঠিত হ’ব ৰাজ্যিক বাজেট অধিৱেশন । বুধবাৰে এই ঐতিহাসিক বাজেট অধিৱেশনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে ৰাজ্যৰ মুখ্য সচিব ৰবি কোটায় ।

এইলৈ আয়োজিত এক পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰি মুখ্য সচিবগৰাকীয়ে ৰাজ্যখনৰ ৰাজধানীৰ বাহিৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই ঐতিহাসিক অধিবেশনখন সুচাৰুৰূপে পৰিচালনা কৰাৰ ওপৰত অধিক গুৰুত্ব দিয়ে । একে সময়তে মুখ্য সচিবগৰাকীয়ে ইয়াৰ বাবে নিখুঁত পৰিকল্পনা আৰু ত্ৰুটিহীন কাৰ্যকৰীকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে বুলি এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ কৰা হৈছে ।

মুখ্য সচিবগৰাকীয়ে বড়ো টেৰিটৰিয়েল কাউন্সিলৰ প্ৰিঞ্চিপাল চেক্ৰেটেৰি আকাশ দীপক বিভিন্ন বিভাগৰ সমন্বয়ত প্ৰয়োজনীয় লজিষ্টিক ব্যৱস্থা চূড়ান্ত কৰাৰ বাবে যুদ্ধৰ ভিত্তিত কাম কৰিবলৈ নিৰ্দেশ দিয়ে।

মুখ্য সচিবগৰাকীয়ে বিশেষভাৱে বিষয়াসকলক আসনৰ সঠিক ব্যৱস্থা, খাদ্য সেৱা, নিৰৱচ্ছিন্ন বিদ্যুৎ আৰু পানী যোগান, সম্পূৰ্ণ কাৰ্যক্ষম শব্দ ব্যৱস্থা, চিকিৎসাৰ সুবিধা, অগ্নিনিৰ্বাপক ব্যৱস্থা, যান-বাহন ব্যৱস্থাপনা আৰু পৰ্যাপ্ত বিষয়া আৰু কৰ্মচাৰী নিয়োগ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

এই সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিবগৰাকীয়ে কয় যে, “অসমৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ অনুষ্ঠান । অধিৱেশনত উপস্থিত থকা বিধায়ক আৰু গণ্যমান্য ব্যক্তিসকলৰ বাবে এক ত্ৰুটিহীন অভিজ্ঞতা প্ৰদানৰ বাবে প্ৰতিটো বিভাগে সহযোগিতাৰে কাম কৰিব লাগিব।” এই পৰ্যালোচনা বৈঠকত কোকৰাঝাৰৰ উপ আয়ুক্তৰ লগতে বিভাগৰ মুৰব্বীসকলো উপস্থিত থাকে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...