মাজত ৰোগী, চাৰিওফালে কিশোৰীৰ নৃত্য! বেজৰ চিকিৎসা পদ্ধতি দেখিলে চকু কপালত উঠিব আপোনাৰ…
বৰ্তমান আধুনিক যুগ! সকলোফালে আধুনিকতাৰ চমক। কিন্তু ইয়াৰ মাজতে আজিও অন্ধবিশ্বাসৰ কবলৰ পৰা ওলাই আহিব পৰা নাই একাংশ লোক। শেহতীয়াকৈ ৰাজ্যত সংঘটিত হৈছে আচৰিত ঘটনা।
বৰ্তমান আধুনিক যুগ! সকলোফালে এতিয়া বিজ্ঞান-প্ৰযুক্তিৰ দপদপনি। কিন্তু তাৰ পাছতো একাংশ লোকে অন্ধবিশ্বাসৰ কবলৰ পৰা ওলাই আহিব পৰা নাই। শেহতীয়াকৈ অন্ধবিশ্বাসৰ জড়িত এক আজৱ ঘটনা সংঘটিত হৈছে অসমত। যি সময়ত চিকিৎসা বিজ্ঞানৰ প্ৰসাৰ ঘটিছে, সেই সময়ত ৰাজ্যৰ এখন গাঁৱৰ লোকে অন্ধবিশ্বাসৰ পথটোক চিকিৎসা পদ্ধতি হিচাপে গ্ৰহণ কৰিছে।
অভয়াপুৰীৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত টিলাপাৰা গাঁৱত সংঘটিত হৈছে এক আজৱ ঘটনা। এই গাঁওখনৰ বেজৰ চিকিৎসা পদ্ধতি দেখিলে চকু কপালত উঠিব আপোনাৰ। গীত গাই, নৃত্য কৰি ৰোগীৰ কৰিছে চিকিৎসা। জানিব পৰা মতে, গাঁওখনৰ পেৰালাইছিচ ৰোগী এজনৰ এনেকৈ চিকিৎসা কৰিছে বেজে।
তথ্য অনুসৰি, দীৰ্ঘদিন ধৰি লোকজন শয্যাগত অৱস্থাত আছে। কিন্তু চিকিৎসকৰ সহায় লোৱাৰ সলনি ৰোগীৰ পৰিয়ালে লৈছে বেজৰ সহায়। এই কাণ্ডৰ ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভাইৰেল হোৱা দৃশ্য অনুসৰি, নৃত্য-গীতেৰে বেজে ৰোগীজনক সুস্থ কৰাৰ চেষ্টা কৰি আছে। বিগত কেইবাদিন ধৰি এই পদ্ধতিৰে বেজে ৰোগীৰ চিকিৎসা কৰি আছে।
ভাইৰেল ভিডিঅ’ অনুসৰি, ৰোগীজনত মাটিত শুৱাই দিয়া হৈছে। তেওঁৰ চাৰিওফালে কলৰ গছ পুতি চাকি ধূপ জ্বলোৱা হৈছে। বেজে হাতত লৈ আছে এডাল মালা। ইফালে এজন যুৱকে মাইকত গান গাই আছে আৰু আনফালে ৰোগীৰ চাৰিওফালে একাংশ শিশু, কিশোৰীয়ে নৃত্য কৰি আছে। এই সমগ্ৰ দৃশ্য চাই আছে একাংশ লোকে।
সামাজিক মাধ্যমত এই ভিডিঅ ভাইৰেল হোৱাৰ পাছতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। বিভিন্নজনে এই কাণ্ডৰ উচিত তদন্তৰ দাবী কৰিছে। গতিকে প্ৰশাসনে এই বেজৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ’ব লক্ষণীয়।
অন্য খবৰ পঢ়কঃ খাবলৈ খাদ্য নাই, মোক সঁচাকৈ টকা লাগে…সেইদিনা কি হৈছিল শ্বাহৰুখ খানৰ সৈতে…