বিজেপিৰ সৈতে মিত্ৰতা ভংগ হ’ব নেকি অগপৰ! অতুল বৰা, কেশৱ মহন্তক লৈ ক্ষোভিত তৃণমূল পৰ্যায়ৰ কৰ্মী…

অগপত তীব্ৰ সংঘাত। দলটোৰ শীৰ্ষ নেতৃত্বৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ তৃণমূল পৰ্যায়ৰ একাংশ নেতা-কৰ্মীৰ। এই অসন্তুষ্টিৰ বহিঃপ্ৰকাশ ঘটে আজি এজন সভাত।

বিজেপিৰ সৈতে মিত্ৰতা ভংগ হব নেকি অগপৰ! অতুল বৰা, কেশৱ মহন্তক লৈ ক্ষোভিত তৃণমূল পৰ্যায়ৰ কৰ্মী...

অগপ

Updated On: 

20 Jul 2025 19:55 PM

অগপ গণ পৰিষদৰ ভিতৰচ’ৰাত তীব্ৰ অসন্তুষ্টি। চলি থকা সভাই ৰূপ লয় সংঘাতৰ। দেওবাৰে দক্ষিণ কামৰূপৰ ছয়গাঁৱত অসম গণ পৰিষদ দলৰ কামৰূপ জিলা সমিতিৰ এখন বিশাল অভিৱৰ্তন অনুষ্ঠিত হয়। সহস্ৰাধিক জিলা প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত শ্বহীদ পৰিয়ালৰ সদস্যক সম্বৰ্দ্ধনা জনোৱা হয়। জিলা সভাপতি খগেন নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সাধাৰণ সম্পাদক শুভৰাম দাসে আদৰণি ভাষণ প্ৰদান কৰে। এই সভাত দলটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী ডাঃ কমলাকান্ত কলিতা আৰু কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা উপস্থিত থাকে। 

কিন্তু সভাৰ মাজতেই সংঘাতৰ সৃষ্টি হয় নেতা-কৰ্মীৰ মাজত। সমষ্টিৰ সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ বৰাই অগপ দলৰ কেন্দ্ৰীয় সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয় যে, অগপ দল অতুল বৰা আৰু কেশৱ মহন্তৰ ব্যক্তিগত দল নহয়। ইয়াৰ পাছতে সভাত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। লগে লগে কামৰূপ জিলাৰ সভাপতি খগেন নাথ আৰু কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই সাংবাদিকসকলক সভাকক্ষ ত্যাগ কৰি যাবলৈ নিৰ্দেশ দিয়ে ৷

কিন্তু খগেন নাথ আৰু সত্যব্ৰত কলিতাৰ নিৰ্দেশ শুনাৰ পাছতে জাঙুৰ খাই উঠে সভাত উপস্থিত থকা সাধাৰণ জনতা। সকলোৱে বিচাৰে সাংবাদিকসকল সভাকক্ষত উপস্থিত থকা। ইয়াৰোপৰি সাংবাদিকসকলেও প্ৰশ্ন কৰে যে, যদি সভাত থাকিবই নালাগে তেন্তে তেওঁলোকক কিয় পত্ৰযোগে আমন্ত্ৰন জনোৱা হৈছিল? এই সময়চোৱাত তৃণমূল পৰ্যায়ৰ প্ৰতিনিধি সকলেও ক্ষোভ উজাৰি সাংবাদিকৰ পক্ষে থিয় দিয়ে ।

এই ঘটনাৰ পাছতে অনুষ্ঠিত হয় মুকলি অভিৱৰ্তন। য’ত ভালেসংখ্যক নেতা-কৰ্মীয়ে ভাষণ দিয়াৰ লগতে কেন্দ্ৰীয় নেতা ডাঃ কমলাকান্ত কলিতা আৰু প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই ভাষণ প্ৰদান কৰে।

ইয়াৰ মাজতে সভাত ৰঙিয়া বিধান সভা সমষ্টিৰ অৰ্ণৱ ভৰালী নামৰ নেতা গৰাকীয়ে মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তৰ গুণানুকীৰ্তন কৰা আৰম্ভ কৰে। কিন্তু তেনে সময়তে সভাত উপস্থিত থকা লোকসকলে তেওঁক মঞ্চলৈ খেদি যায়। যাৰ ফলত পৰিবেশ উত্তাল হৈ পৰে। উত্তেজিত লোকসকলে অৰ্ণৱ ভৰালীক উত্তম মাধ্যম শোধাই পৰিস্থিতি ভয়ংকৰ কৰি তোলে। অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ নেতাগৰাকীক উদ্ধাৰ কৰি লৈ যায়।

ঘটনা সন্দৰ্ভত অগপৰ নেতা এগৰাকীয়ে কয় যে, “অগপ দলৰ শীৰ্ষ নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈ আছে তৃণমূল পৰ্যায়ৰ কৰ্মী। বিজেপিৰ সৈতে মিত্ৰতাত থকাৰ পাছত যি সন্মান, মৰ্যদা লাভ কৰিব লাগিছিল সেয়া লাভ কৰা নাই। যাৰ বাবে মানুহৰ ক্ষোভ বৃদ্ধি পাইছে। তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ মাজত অসন্তুষ্টি বৃদ্ধি পাইছে” ।

ভৱিষ্যতে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ সম্ভাৱনা আছে নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নত কোনো উত্তৰ নিদিলে তেওঁ। কিন্তু কয় যে, আজিয়েই কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ কোনো মন্তব্য দিব নিবিচাৰো। বিজেপিৰ সৈতে মিত্ৰতা সন্দৰ্ভতো শীৰ্ষ নেতৃত্বই সিদ্ধান্ত গ্ৰহণ কৰিব। ইয়াৰোপৰি তেওঁ কয় যে, “বিজেপিৰ সৈতে মিত্ৰতাত কোনো যোগাত্মক দিশ দেখা নাই। অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত বিপ্লৱ শৰ্মাই দিয়া প্ৰতিবেদন খুলি নাচালে। ইয়াৰোপৰি এই সংঘাত কেৱল প্ৰাৰ্থিত্বকেন্দ্ৰিক নহয়, ইয়াত বহু দিশ জড়িত হৈ আছে। সাংস্কৃতিক, ভাষিক আৰু শিক্ষা সকলো দিশ জড়িত আছে”।

উল্লেখ্য যে, আজি নহয় দীৰ্ঘদিন ধৰি অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্বৰ প্ৰতি তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে ক্ষোভ প্ৰকাশ কৰি আহিছে। তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে  মিত্ৰতাৰ ক্ষেত্ৰত পাবলগীয়া সকলো অধিকাৰ বিচাৰিছে। ইয়াৰোপৰি নিৰ্বাচনৰ আসন সন্দৰ্ভতো খেলিমেলি হৈ আছে। গতিকে দলটোৰ ভিতৰচৰাত চলি থকা সংঘাত শীৰ্ষ নেতৃত্বই কেনেকৈ নিয়ন্ত্ৰণ কৰে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ চীনৰ বৃহৎ নদীবান্ধ প্ৰকল্পৰ পৰা লোকসভাৰ বৰ্ষাকালীন অধিবেশনলৈ, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ…

ফেচবুকৰ পৰা টকা উপাৰ্জন কৰিব বিচাৰে নেকি? আজিয়েই কৰক এই কাম...
খালী পেটত বিষৰ দৰৱ খালে কি হয় জানেনে? জানক বিশেষজ্ঞৰ পৰা...
নিশা ভালদৰে টোপনি নাহে নেকি? টোপনিৰ অভাৱত কি কি সমস্যা হ'ব পাৰে?
ৰাহু-কেতুৰ নক্ষত্ৰ পৰিবৰ্তন! ৫০ দিন সাৱধান হৈ থাকিব লাগিব এই ৰাশিৰ লোক...